1 পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে। 2 তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে; 3 আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
4 পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?” 5 তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
6 তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই,
8 পাছত যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে, 9 “বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে 10 কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে। 11 পাছত মই তেওঁক উত্তৰ দিলোঁ আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
*4 অধ্যায়:7 সৌন্দর্যতা