1 তাৰ পাছত পৃথিৱী বা সাগৰ বা কোনো গছৰ ওপৰত বতাহ যেন নবলায়, এই কাৰণে পৃথিৱীৰ চাৰি বায়ু ধৰি, পৃথিৱীৰ চাৰি চুকত থিয় হৈ থকা চাৰি জন স্বৰ্গৰ দূত দেখিলোঁ। 2 পাছত আৰু এজন দূতক, জীৱনময় ঈশ্বৰৰ ছাব লৈ, পূব দিশৰ পৰা উঠি অহা দেখিলোঁ৷ তেওঁ বৰ মাতেৰে ৰিঙিয়াই, পৃথিৱী আৰু সাগৰক অনিষ্ট কৰিবলৈ ক্ষমতা পোৱা সেই চাৰি জন দূতক ক’লে, 3 “আমি নিজ ঈশ্বৰৰ দাস সকলৰ কপালত ছাব নামাৰোঁ মানে, [~1~] তোমালোকে পৃথিৱী বা সাগৰ বা গছ-গছনিবোৰক অনিষ্ট নকৰিবা৷”
4 পাছত সেই ছাব মৰা সকলৰ সংখ্যা শুনিলো: ইস্ৰায়েলৰ সকলো ফৈদৰ মুঠে এক লাখ চৌৱাল্লিশ হাজাৰ ছাব মৰা হ’ল:
9 এইবোৰৰ পাছত মই চাই দেখিলোঁ যে, কোনেও গণিব নোৱোৰা এক বৰ লোক সকল, য’ত সকলো জাতি, ফৈদ, লোক আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধি আৰু হাতত খেজুৰ পাত লৈ সেই সিংহাসন আৰু মেৰ-পোৱালি জনৰ আগত থিয় হৈ আছিল; 10 আৰু তেওঁলোকে বৰ মাতেৰে ৰিঙিয়াই ক’লে,
11 আৰু সকলো স্বৰ্গৰ দূতে সেই সিংহাসনৰ পৰিচাৰক সকলৰ আৰু চাৰি জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল; আৰু তেতিয়া তেওঁলোকে সিংহাসনৰ আগত সমর্পণ কৰি মাটিত মুৰ দোৱাই, ঈশ্বৰক আৰাধনা কৰিলে, 12 আৰু ক’লে,
13 তেতিয়া সেই পৰিচাৰক সকলৰ এজনে মোক সুধিলে, “বগা বস্ত্ৰ পিন্ধা এওঁলোক কোন আৰু ক’ৰ পৰা আহিল?” 14 তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।[~3~]
*7 অধ্যায়:3 যিহি 9:4; প্ৰ 22:4৷
†7 অধ্যায়:10 গীত 3:8; যিচ 43:11; মথি 1:21
‡7 অধ্যায়:14 1 যো 1-7৷
§7 অধ্যায়:16 যিচ 49:10৷
*7 অধ্যায়:17 গীত 23; যিচ 40:11; যো 10:2-11৷
†7 অধ্যায়:17 যিচ 25:8৷