1 কিছুদিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি, 2 ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ’ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।
3 তেতিয়া লোক সকলে চাৰি[~1~] জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে। 4 কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগীজনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে।
5 তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক ক’লে,
8 তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে[~3~]; সেয়েহে তেওঁলোকক ক’লে,
10 কিন্তু আপোনালোকে যেন জানে যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, 11
13 তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে। 14 পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক ক’লে,
15 যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷ 16 তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক ক’লে, “এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে”?
17 যীচুৱে ইয়াকে শুনি তেওঁলোকক ক’লে,
18 এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য সকলে আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি”? 19 তেতিয়া যীচুৱে তেওঁলোকক ক’লে,
20
22
23 তাৰ পাছত[~4~] তেওঁ বিশ্রামবাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে। 24 তাতে ফৰীচী সকলে যীচুক কলে, “চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে”?
25 তেতিয়া তেওঁ তেওঁলোকক কলে,
27 যীচুৱে তেওঁলোকক পুনৰ কলে,
*2 অধ্যায়:3 মথি 9:2-17; লূক 5:19-39
†2 অধ্যায়:7 যিচ 43:25; দা 9:9
‡2 অধ্যায়:8 গীত 139:2; যো 2:25; প্ৰ 2:23
§2 অধ্যায়:23 মথি 12:1-15; লূক 6:1-11