1 তাৰ পাছত চয়তানে যেন যীচুক পৰীক্ষা কৰিব পাৰে, সেয়ে [~1~]পবিত্র আত্মাই তেওঁক মৰুপ্ৰান্তলৈ লৈ গ’ল। 2 তাত চল্লিশ দিন আৰু চল্লিশ ৰাতি উপবাসে থকাৰ পাছত যীচুৰ ভোক লাগিল। 3 তেতিয়া চয়তানে আহি তেওঁক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়ক।” 4 তাতে তেওঁ উত্তৰ দি ক’লে,
5 তেতিয়া চয়তানে তেওঁক পবিত্ৰ নগৰ যিৰূচালেম মন্দিৰৰ কলচীৰ ওপৰলৈ লৈ গ’ল;
7 যীচুৱে তাক ক’লে,
8 তাৰ পাছত আকৌ চয়তানে তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে। 9 চয়তানে তেওঁক ক’লে, “আপুনি যদি মূৰ দোৱাই মোৰ উপাসনা কৰে, তেনেহলে এই সকলোকে মই আপোনাক দিম।” 10 তেতিয়া যীচুৱে তাক ক’লে,
12 যীচুৱে যেতিয়া যোহনক বন্দী কৰি নিয়া বুলি শুনিলে, তেতিয়া তেওঁ গালীল প্রদেশলৈ গ’ল। 13 তেওঁ নাচৰত এৰি জবূলূন আৰু নপ্তালী এলেকাৰ গালীল সাগৰৰ তীৰত থকা কফৰনাহূমলৈ গৈ, তাত বাস কৰিবলৈ ধৰিলে।
14 যিচয়া ভাববাদীৰ দ্বাৰাই এই যি বচন কোৱা হৈছিল তাক পূর্ণ কৰিবলৈ এই সকলো ঘটিল:
17 সেই সময়ৰে পৰা যীচুৱে এই বুলি প্রচাৰ কৰিবলৈ ধৰিলে,
18 পাছত যীচুৱে গালীল সাগৰৰ পাৰত খোজকাঢ়ি ফুৰোতে দুজন ভাই-ককাই চিমোন, যাক পিতৰো বোলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক, সাগৰত জাল পেলোৱা দেখিলে। কিয়নো তেওঁলোক মাছমৰীয়া আছিল। 19 যীচুৱে তেওঁলোকক ক’লে,
21 তাৰ পৰা আগুৱাই গৈ যীচুৱে যাকোব আৰু যোহন নামৰ আন দুজন ভাই-ককাইক দেখা পালে। তেওঁলোক চিবদিয়ৰ পুতেক আছিল। বাপেক চিবদিয়ৰ সৈতে তেওঁলোকে নাৱত বহি নিজৰ নিজৰ জালবোৰ ঠিক কৰি আছিল। যীচুৱে তেওঁলোকক মাতিলে। 22 তেতিয়া তেওঁলোকে নিজৰ নাও আৰু বাপেককো এৰি যীচুৰ পাছে পাছে গ’ল।
23 যীচুৱে গালীল প্রদেশৰ সকলো ঠাইতে থকা নাম-ঘৰবোৰত গৈ উপদেশ দিবলৈ ধৰিলে৷ ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্রচাৰ কৰিলে; অাৰু লোক সকলৰ মাজৰ পৰা নানা ধৰণৰ ৰোগ-ব্যাধিত থকা লোকক সুস্থ কৰিলে। 24 সমগ্র চিৰিয়া দেশতে তেওঁৰ খ্যাতি বিয়পি পৰিল আৰু লোক সকলে নানা ধৰণৰ বেমাৰ আৰু যন্ত্রণাত আক্রান্ত লোক, ভূতে পোৱা লোক, মৃগী ৰোগী আৰু পক্ষাঘাতগ্রস্ত আদি নানা ধৰণৰ ৰোগী সকলক তেওঁৰ ওচৰলৈ লৈ আহিল। যীচুৱে তেওঁলোকক সুস্থ কৰিলে। 25 তাতে গালীল, দিকাপলি, যিৰূচালেম, আৰু যিহুদীয়া লগতে যৰ্দ্দনৰ সিপাৰৰ পৰাও বহু মানুহ দল বান্ধি যীচুৰ পাছে পাছে আহিল।
<- মথিয়ে লিখা শুভবাৰ্তা 3মথিয়ে লিখা শুভবাৰ্তা 5 ->*4 অধ্যায়:1 আত্মা- পবিত্র আত্মা ঈশ্বৰ অর্থাৎ স্বয়ং ঈশ্বৰ
†4 অধ্যায়:4 দ্বি বি 8:3
‡4 অধ্যায়:6 গীত 91:11-12
§4 অধ্যায়:7 দ্বি বি 6:16
*4 অধ্যায়:16 যিচয়া 9:1-2