1 এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ আহিল৷ 2 মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে।
3 সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?” 4 তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই?[~1~]5তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’?[~2~]6তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।”
7 তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, “তেনেহলে মোচিয়ে কিয় ত্যাগ-পত্ৰ দি ভার্যাক এৰিবলৈ আজ্ঞা দিছে”? 8 যীচুৱে তেওঁলোকক ক’লে, “অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল।9সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।”
10 তেতিয়া শিষ্য সকলে যীচুক ক’লে, “যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”। 11 যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে।12কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।”
শিশু সকলক আশীৰ্বাদ কৰা
13 তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে। 14 তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।”15 ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল।
ধন-সম্পত্তি আৰু অনন্ত জীৱনৰ বিষয়ে শিক্ষা
16 এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, “হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব”? 17 যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”