4 পীলাতে আকৌ বাহিৰলৈ গৈ মানুহবোৰক ক’লে, “চোৱা, মই এওঁত একো দোষ নাপালোঁ আৰু সেয়েহে তোমালোকে জানিবৰ কাৰণে, এওঁক তোমালোকৰ সন্মুখলৈ উলিয়াই আনিছো।” 5 এনেতে যীচুক কাঁইটৰ কিৰীটি আৰু উজ্বল বৰণীয়া কাপোৰ পিন্ধাই বাহিৰলৈ উলিয়াই আনিলে৷ পীলাতে তেওঁলোকক ক’লে “চোৱা, এই জনেই সেই মানুহ!” 6 তেতিয়া প্ৰধান পুৰোহিত আৰু তেওঁলোকৰ বিষয়া সকলে যীচুক দেখি, আটাহ পাৰি ক’লে, “ক্রুচত দিয়ক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, “তোমালোকে নিজে এওঁক নি ক্রুচত দিয়াগৈ; কিয়নো মই এওঁত একো দোষ নাপালোঁ।”
7 ইহুদী সকলে পীলাতক উত্তৰ দিলে, “আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত; কিয়নো সি নিজকে নিজে ঈশ্বৰৰ পুত্ৰ বুলি দাবী কৰে।” 8 তেতিয়া পীলাতে এই কথা শুনি বৰ ভয় পালে, 9 তেওঁ প্ৰিটৰিয়মৰ ভিতৰলৈ সোমাই যীচুক আকৌ সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” কিন্তু যীচুৱে তেওঁক একো উত্তৰ নিদিলে৷
10 তেতিয়া পীলাতে তেওঁক ক’লে, “তুমি মোক একো কথা নোকোৱা নে? তোমাক যে এৰি দিবলৈ মোৰ ক্ষমতা আছে আৰু তোমাক ক্রুচত দিবলৈকো মোৰ ক্ষমতা আছে, ইয়াক তুমি নাজানা নেকি?” 11 যীচুৱে তেওঁক উত্তৰ দিলে,
12 এই উত্তৰ শুনি পীলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে; কিন্তু ইহুদী সকলে আটাহ পাৰি ক’লে, “যদি এওঁক এৰি দিয়ে, তেনেহলে আপুনি চীজাৰৰ বন্ধু নহয়; যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ চীজাৰৰ বিৰুদ্ধে কথা কয়।” 13 এইবোৰ কথা শুনি, পীলাতে যীচুক পুনৰ বাহিৰলৈ অনালে, আৰু ইব্ৰী ভাষাৰে যাক গব্বথা বোলে, এনে শিলপতা নামেৰে ঠাইত সোধ-বিচাৰ কৰিবলৈ বিচাৰৰ আসনত বহিল।
14 তেতিয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা” 15 তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।” 16 তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
17 তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা[~2~] বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল। 18 সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
19 পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷” 20 এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে। 21 এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, “ইহুদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই ইহুদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, ইয়াকে লিখক।” 22 পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁৱেই”।
23 পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল। 24 এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷
25 এতেকে সৈন্য সকলে এইবোৰ কৰ্ম কৰিলে। যীচুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম, আৰু মগ্দলীনী মৰিয়ম থিয় হৈ আছিল। 26 যেতিয়া যীচুৱে তেওঁৰ মাক আৰু যি শিষ্যক তেওঁ প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখিলে, তেতিয়া তেওঁ মাকক ক’লে,
28 ইয়াৰ পাছত যীচুৱে বুজিলে যে সকলো কৰ্ম এতিয়া শেষ হ’ল; সেয়েহে শাস্ত্ৰীয় বচন সিদ্ধ হ’বৰ কাৰণে ক’লে,
31 সেইদিন আয়োজনদিন হোৱাত, বিশ্ৰামবাৰত দেহ ক্ৰুচৰ ওপৰত নাথাকে, (সেই বিশ্ৰামবাৰ দিনটো এটা বিশেষ দিন বা বৰ-দিন আছিল, কিয়নো সেইদিনা নিস্তাৰপৰ্বৰ দিনো আছিল), এই কাৰণে তেওঁলোকৰ ভৰি ভাঙি, দেহ তললৈ নমাবৰ বাবে ইহুদী সকলে পীলাতৰ ওচৰত গৈ সুধিলে। 32 তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয় জনৰো ভৰি ভাঙিলে। 33 কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
34 তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল। 35 এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
36 কিয়নো ‘তেওঁৰ এডাল হাড়ো ভঙা নহব’, ধৰ্মশাস্ত্ৰৰ এই বচন সিদ্ধ হ’বলৈহে, এই সকলো ঘটনা ঘটিল। 37 ধৰ্মশাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, ‘তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব’।
38 ইয়াৰ পাছত অৰিমাথিয়া নগৰৰ যোচেফ নামেৰে যীচুৰ এজন শিষ্যই, যি জন ইহুদী সকলৰ ভয়ত গোপনে আছিল, সেই জনে যীচুৰ দেহ নিবৰ বাবে পীলাতৰ ওচৰত গৈ সুধিলে; তাতে পীলাতে অনুমতি দিয়াত, তেওঁ গৈ যীচুৰ দেহটো নমাই লৈ গ’ল। 39 তেওঁৰ লগত নীকদীমো আহিছিল, এই জনে প্ৰথম বাৰ ৰাতি যীচুক চাবলৈ তেওঁৰ ওচৰলৈ গৈছিল, তেৱোঁ আহি গন্ধৰস মিহলি কৰা প্ৰায় চৌত্ৰিশ কিলোগ্ৰাম সুগন্ধি আনিলে।
40 এইদৰে তেওঁলোকে যীচুৰ দেহ লৈ, ইহুদী সকলৰ মৈদামত থোৱা ৰীতি অনুসৰি সেই সুগন্ধি সানি শণ সূতাৰ মিহি কাপোৰেৰে মেৰিয়াই তেওঁক মৈদামত থলে৷ 41 আৰু যি ঠাইত যীচুক ক্রুচত দিয়া হৈছিল, সেই ঠাইতে এখন বাগিচা আছিল; সেই বাগিচাতে কেতিয়াও কোনো লোকক নোথোৱা, এনে এটা নতুন মৈদামো আছিল।
42 কাৰণ সেইদিনা ইহুদী সকলৰ আয়োজনদিন হোৱাত, সেই মৈদাম ওচৰত থকা কাৰণে, তেওঁলোকে তাতে যীচুক শুৱাই থলে।
<- যোহনে লিখা শুভবাৰ্তা 18যোহনে লিখা শুভবাৰ্তা 20 ->*19 অধ্যায়:2 বেঙেনা উজ্বল বৰণীয়া
†19 অধ্যায়:17 বা মুৰৰ লাওখোলা (কালভাৰি)