14 তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
15 “তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী;
চোৱা তোমালোকৰ ৰজা আহিছে,
তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”
16 এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
17 যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে। 18 এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে। 19 তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি ক’লে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল।”
কেইজনমান গ্ৰীক লোকে যীচুৰ লগত সাক্ষাৎ কৰা
20 সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল। 21 তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।” 22 ফিলিপে আহি আন্দ্ৰিয়ক এই কথা ক’লে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
23 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে।24মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
27এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।28হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম”। 29 তেতিয়া তাতে লোক সকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ-গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা ক’লে।”
30 যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।31এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;32আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”33 তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক’লে।
34 তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, “আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?” 35 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।36যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
37 সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে; 38 যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল,
“হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে?
আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?”
39 কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,